Acts 28

1এনেদৰে সকলোৱে নিৰাপদে বামত উঠি ৰক্ষা পোৱাৰ পাছত, আমি সেই দ্ৱীপটোৰ নাম মিলিতা বুলি জানিলোঁ৷ 2তাত থকা স্থানীয় লোক সকলে আমাক কেৱল মৰম দেখুৱাই নহয়, কিন্তু তেতিয়া ঘন বৰষুণ আৰু জাৰৰ কাৰণে তেওঁলোকে জুই জ্ৱলাই আমাক গ্ৰহন কৰিলে৷

3কিন্তু পৌলে যেতিয়া এমুঠি খৰি গোটাই জুইত দিলে তেতিয়া জুইৰ তাপ পাই এটা ক’লা সাপ ওলাই আহি তেওঁৰ হাতত মেৰিয়াই ধৰিলে৷ 4তাতে স্থানীয় লোক সকলে তেওঁৰ হাতত সাপ ওলমি থকা দেখি ইজনে সিজনক কবলৈ ধৰিলে, “এই মানুহজন নিশ্চয়কৈ এজন হত্যাকাৰী; সাগৰৰ পৰা ৰক্ষা পায়ো, ন্যায় দিওঁতাই ইয়াক জীয়াই থাকিব নিদিলে৷”

5কিন্তু যেতিয়া তেওঁ জোকাৰ মাৰি সাপটোক জুইত পেলাই দিয়া দেখিলে; আনফালে তেওঁৰ একো ক্ষতিও নহ’ল, 6তেতিয়া তাত উপস্থিত থকা লোক সকলে তেওঁৰ গা জ্ৱৰ হৈ উখহি উঠিব বা অকস্মাতে পৰি মৰিব বুলি ভাবিছিল৷ কিন্তু বহু সময় তেওঁৰ একো হোৱা নেদেখি, সিহঁতে মত সলনি কৰি কলে যে, “তেওঁ এজন দেৱতা”৷

7সেই ঠাইৰ ওচৰত পুব্লিয় নামেৰে দ্ৱীপটোৰ প্ৰধান লোক জনৰ মাটি আছিল৷ তেৱেঁই আমাক আদৰণি জনাই, প্ৰেম-ভাৱে তিন দিন আলহী কৰি ৰাখিলে; 8আৰু সেই সময়তে পুব্লিয়ৰ পিতৃৰ জ্ৱৰ আৰু গ্ৰহণী ৰোগ হৈ আছিল৷ পৌলে তাতে সোমাই গাত হাত দি প্ৰাৰ্থণা কৰি তেওঁক সুস্থ কৰিলে৷ 9এনেদৰে সুস্থ কৰাৰ পাছত সেই দ্ৱীপত আন যিমান ৰোগী আছিল সেই সকলো আহি সুস্থ হ’ল৷ 10তেতিয়া তেওঁলোকে আমাক অনেক আদৰ-সাদৰ কৰিলে আৰু আমাৰ যোৱাৰ সময়তো নানা প্ৰয়োজনীয় বস্তু আনি জাহাজত তুলি দিলে৷

11তিনি মাহৰ পাছত আমি আলেকজেন্দ্ৰিয়া নগৰৰ পৰা দিয়স্কৰী, অর্থাৎ যজা লৰাৰ চিন থকা জাহাজ খনত উঠি যাত্ৰা কৰিলোঁ; এই জাহাজ খন জাৰকালি আহি এই দ্ৱীপটোত আছিল৷ 12এনেদৰে আমি চুৰাকূচ নগৰলৈ আহিলো আৰু সেই ঠাইতে তিন দিন থাকিলোঁ৷

13তাৰ পৰা যাত্ৰা কৰি আমি ৰীগিয়া নগৰ পালোঁ; এদিন পিছত দক্ষিণৰ বতাহ বলাত, দ্ৱিতীয় দিনা পুতিয়লী নগৰ পালোঁহি৷ 14তাত কেইবাজনো ভাই পালোঁ, তেওঁলোকে আমাক সাত দিন থাকিবলৈ নিমন্ত্ৰণ দিলে; এইদৰে আমি ৰোমলৈ যাত্ৰা কৰিলোঁ৷ 15তাৰ পৰা ভাই সকলে আমাৰ সম্বাদ শুনি আমাক আগবঢ়াই নিবলৈ অপ্পিয় হাট আৰু তিনি চৰাইলৈকে আহিছিল; পৌলে তেওঁলোকক দেখি ঈশ্ৱৰৰ স্তুতি কৰি সাহস পালে৷

16ৰোম নগৰত সোমোৱাৰ পাছত, পৌলক তেওঁৰ পহৰা দিয়া সেনাৰ সৈতে নিজৰ মতে থাকিবলৈ অনুমতি দিলে৷

ৰোমত থকা ইহুদী সকলৰ আগত ঈশ্ৱৰৰ ৰাজ্যৰ কথা প্ৰচাৰ কৰা

17পাছত তিন দিনৰ মূৰত পৌলে ইহুদী সকলৰ প্ৰধান লোক সকলক মতাই আনি গোট খুৱালে আৰু তেওঁলোক গোট খোৱাত, তেওঁ কলে, “হে ভাই সকল, মই মোৰ জাতিৰ নাইবা পূর্ব্ব পুৰুষৰ ৰীতিৰ বিৰুদ্ধে একো কৰা নাই; তথাপি যিৰূচালেমৰপৰা নিয়া হৈ ৰোমীয় লোক সকলৰ হাতত মই বন্দী হিচাপে সমর্পিত হৈছিলোঁ৷ 18তেখেত সকলে মোৰ সোধ-বিচাৰ কৰি মোক মুক্ত কৰিবলৈ কামনা কৰিলে, কিয়নো মোক প্ৰাণদণ্ড দিয়াৰ একো কাৰণ নাছিল৷

19কিন্তু যেতিয়া ইহুদী সকলে আপত্তি কৰিলে, মই চিজাৰৰ ওচৰত আপীল কৰিবলৈ বাধ্য হলো; কিন্তু এনে নহয় যে, মই মোৰ জাতিক কোনো অপবাদ দিছিলো৷ 20এই কাৰণে আপোনালোকক চাবলৈ আৰু কথা-বার্ত্তা হবলৈ মাতিলোঁ, কিয়নো ইস্ৰায়েলৰ আশাৰ কাৰণেহে মই এই শিকলিৰ বান্ধনত আছো৷”

21তেতিয়া তেওঁলোকে তেওঁক কলে,” আমি তোমাৰ বিষয়ে যিহূদীয়াৰ পৰা কোনো পত্ৰকে পোৱা নাই আৰু ভাই সকলৰ মাজৰ পৰাও কোনো ইয়ালৈ আহি তোমাৰ বিষয়ে দুষ্কর্মৰ খবৰ দিয়া নাই বা কোৱা নাই৷ 22কিন্তু তোমাৰ মত কি, সেই বিষয়ে আমি তোমাৰ পৰা শুনিবলৈ খোজো; কিয়নো এই মতৰ বিষয়ে আমি জানো যে, ই সকলো ঠাইতে নিন্দিত হৈছে৷”

23পাছত তেওঁলোকে তেওঁলৈ এটা দিন নির্ধাৰণ কৰিলে আৰু বহুলোকে তেওঁক লগ পাবলৈ তেওঁ বসতি কৰা ঠাইলৈ আহিল৷ তেওঁ মানুহবোৰৰ আগত ঈশ্ৱৰৰ ৰাজ্যৰ কথাৰ সাক্ষ্য প্ৰদান কৰিলে আৰু ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে মোচিৰ
28:23 লূক ২৪:২৭৷
বিধান আৰু ভাববাদীৰ পুস্তকৰ পৰা কথা উলিয়াই তেওঁলোকক প্ৰবৃত্তি দিলে৷
24তেওঁৰ কথা কিছুমান লোকে বিশ্ৱাস কৰিলে আৰু কিছুমান লোকে বিশ্ৱাস নকৰিলে৷

25তাৰ পাছত পৌলে যেতিয়া কলে,” পবিত্ৰ আত্মাই যিচয়া ভাৱবাদীৰ দ্ৱাৰাই আমাৰ পূর্ব্ব- পুৰুষ সকলৰ বিষয়ে ভালদৰে কৈছিল,” সেই কথাত পৰস্পৰৰ এক মত নোহোৱাত, তেওঁলোক বিদায় লবলৈ ধৰিলে৷
28:25 যিচ ৬:৯,১০৷
26পৌলে কৈছিল, “এই মানুহবোৰৰ ওচৰলৈ গৈ কোৱা,

“তোমালোকে শুনাত শুনিবা কিন্তু নুবুজিবা;
দেখোঁতে দেখিবা কিন্তু নাজানিবা;

27কিয়নো এই মানুহবোৰৰ অন্তৰ অনুজ্জ্ৱল হৈ পৰিছে,

তেওঁলোকৰ কাণো শুনিবলৈ গধূৰ,
তেওঁলোকে নিজ নিজ চকু বন্ধ কৰিলে;
নহ’লে তেওঁলোকে দেখিলেহেঁতেন,
আৰু কাণেৰে শুনিলেহেতেন,
আৰু অন্তৰেৰে বুজিলেহেতেন,
আৰু ঘূৰি আহিলেহেতেন,
আৰু মই তেওঁলোকক সুস্থ কৰিলোহেতেন৷”

28
This verse is empty because in this translation its contents have been moved to form part of verse Act 28:29.
In this translation, this verse contains text which in some other translations appears in verses Act 28:28-Act 28:29.
29সেইকাৰণে আপোনালোকে জানিব যে, ঈশ্ৱৰৰ এই ত্ৰাণকর্তা জনক অনা-ইহুদী সকলৰ মাজলৈ পঠোৱা হৈছে আৰু তেওঁলোকে তেওঁৰ বিষয়ে শুনিবও৷”

30পাছত পৌলে দুবছৰলৈকে নিজে ভাড়া লোৱা ঘৰত থাকিলে আৰু যিমান মানুহ তেওঁৰ ওচৰলৈ আহিল, সেই আটাই লোককে তেওঁ গ্ৰহণ কৰিলে৷ 31তাতে তেওঁ কোনো বাধা নোপোৱাকৈ ঈশ্ৱৰৰ ৰাজ্য আৰু যীচু খ্ৰীষ্টৰ বিষয়ে সাহসেৰে প্ৰচাৰ কৰি থাকিল৷

Copyright information for AsmULB